Kostenscout.de
Produkt
  Sortierung:
  Optional: Preisspanne von bis Euro

Jiya Jurir Ghat

Jiya Jurir Ghat

অসমীয়া সাহিত্যৰ এটি বৰণীয় নাম ছৈয়দ আব্দুল মালিক। সাৰ্থক জীৱন শিল্পী তেওঁ। প্ৰকৃতি আৰু জীৱনে যেন তেওঁৰ ওচৰত নিজেই উদং হৈ ধৰা দিয়েহি! "জীয়া-জুৰিৰ ঘাট" মালিকদেৱৰ অন্যতম জনপ্ৰিয় উপন্যাস। মালিকদেৱৰ গল্প, উপন্যাসবোৰত সততেই দেখা যায় গাঁৱলীয়া আপোনভোলা মানুহ। জীয়া-জুৰিৰ ঘাটতো জেহিৰ আৰু কণমাই- তেনে দুটি চৰিত্ৰ । কণমাইৰ সকলোকে আপোন কৰি ল‘ব পৰা স্বভাৱটোৰ বাবেই তাই সকলোৰে প্ৰিয়। কণমাইৰ উপস্থিতিত দেওৰেক চালেহে কোনোদিনেই মাকৰ অভাৱ অনুভৱ কৰা নাছিল। চালেহে বাৰে বাৰে আত্মসংস্থাপনৰ বাবে কৰা জীৱন যুঁজখনত তাই পাৰেমানে সহযোগিতা আগবঢ়াইছিল। ইয়াৰ অন্য এটি নাৰী চৰিত্ৰ "চম্পা" এজনী দেহোপজীৱিনী। এই বৃত্তিৰ অনাথিনী চম্পাই ক্ষুধা নিবাৰণৰ বাবে দেহ বিক্ৰী কৰিবলৈ গৈ "চিফিলিচ"ত আক্ৰান্ত হ‘ব লগা হৈছিল। ডাক্তৰক চিকিত্সা কৰাবলৈ তাইৰ দেহা বিক্ৰীৰ টকাৰে নোজোৰে। চম্পাই জানে যে তাই এজনী ঘৃণনীয়া নাৰী। কিন্তু, পেটৰ ক্ষুধাতকৈ চৰিত্ৰ ডাঙৰ নহয়। চম্পাৰ জীৱনৰ কাৰুণ্য বৰ্ণনাৰ জৰিয়তে লেখকে সমাজৰ এই অসহায় নাৰীচামৰ বেদনাৰ ছৱিখন দাঙি ধৰিছে। উপন্যাসখনিৰ মূল চৰিত্ৰ চালেহ যেতিয়া এই চম্পাৰ নৈশঅতিথি হৈ পৰিছিল, চালেহৰ গাতো সেই একেই চিফিলিচ ৰোগে থিতাপি লৈছিল...অথচ সমুখত চালেহৰ বিয়া! তেনে অৱস্থাত চালেহে বাৰু নিজৰ বিয়াখনিলৈ সন্মতি দি চাৰাক নিজৰ পত্নীৰূপে গ্ৰহণ কৰিলেগৈনে? ভোলা যে চম্পাৰেই ভায়েক, সেই সত্যটো জনাৰ পিছত চালেহৰ মনৰ অৱস্থা বাৰু কি হ‘ল? চাকৰি এটা সি নিজৰ বাবে, ঘৰখনৰ বাবে যোগাৰ কৰিব পাৰিলেগৈনে...? এই সকলো প্ৰশ্নৰ উত্তৰ পাবলৈ হ‘লে আপোনালোকে শুনিব লাগিব ষ্টৰীটেলত উপলব্ধ মালিকদেৱৰ এই সুন্দৰ উপন্যাসখনি। গতিকে আহক আমি একেলগে উপভোগ কৰোঁ এই উপন্যাস পাঠ।


Angebote zum Artikel

6,99 €*
6,99 € inkl. Versand*
Jiya Jurir Ghat
Anbieter: Thalia DE




Die bei uns gelisteten Preise basieren auf Angaben der gelisteten Händler zum Zeitpunkt unserer Datenabfrage. Diese erfolgt einmal täglich. Von diesem Zeitpunkt bis jetzt können sich die Preise bei den einzelnen Händlern jedoch geändert haben. Bitte prüfen sie auf der Zielseite die endgültigen Preise. Die Sortierung auf unserer Seite erfolgt nach dem besten Preis oder nach bester Relevanz für Suchbegriffe (je nach Auswahl).
Für manche Artikel bekommen wir beim Kauf über die verlinkte Seite eine Provision gezahlt. Ob es eine Provision gibt und wie hoch diese ausfällt, hat keinen Einfluß auf die Suchergebnisse oder deren Sortierung. Unser Preisvergleich listet nicht alle Onlineshops. Möglicherweise gibt es auf anderen bei uns nicht gelisteten Shops günstigere Preise oder eine andere Auswahl an Angeboten.
Versandkosten sind in den angezeigten Preisen und der Sortierung nicht inkludiert.


Livesuche | Gutscheine | Datenschutz | Impressum

* - Angaben ohne Gewähr. Preise und Versandkosten können sich zwischenzeitlich geändert haben.
Bitte prüfen sie vor dem Kauf auf der jeweiligen Seite, ob die Preise sowie Versandkosten noch aktuell sind.